মৰাণঃ সমাগত সৰস্বতী পূজা। সৰস্বতী পূজা উপলক্ষে মৰাণৰ মৃৎশিল্পীসকলৰ মাজত ব্যাপক ব্যস্ততা।মৃৎশিল্পীসকল প্ৰতিমা নিৰ্মাণত ব্যস্ত যদিও ক’ভিড ১৯ৰ বাবে গ্ৰাহকৰ আশানুৰূপ সঁহাৰি লাভ কৰা নাই মৃৎ শিল্পীসকলে।
ইতিমধ্যে দেৱী প্ৰতিমা নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কিন্তু গ্ৰাহকসকলৰ পৰা আশানুৰূপ সঁহাৰি লাভ কৰা নাই মৃৎ শিল্পীসকলে।
লগতে পঢ়কঃখুমটাইত ইটাভাটাত মহিলা শ্ৰমিকৰ ৰহস্যজনক আত্মহত্যা
মৰাণৰ মৃৎশিল্পীসকলে নিৰ্মাণ কৰিছে ডেৰ শতাধিক দেৱী প্ৰতিমা। বিগত দুটা বছৰ ক’ভিড ১৯ৰ বাবে পূজা অনুষ্টুপীয়াকৈ উদযাপন কৰিবলগীয়া হ’ল যাৰ বাবে প্ৰতিমা বিক্ৰীৰ সংখ্যা কম হোৱা পৰিলক্ষিত হ’ল।
এইবাৰো পুনৰ ক’ভিড ১৯ৰ বাবে প্ৰতিমা বিক্ৰীৰ পৰিমাণ কম হোৱাৰ আশংকাত কটাবলগীয়া হৈছে এই মৃৎশিল্পীসকলে।