মৰাণঃ ডিব্ৰুগড় জিলা মৰাণৰ কঠালগুৰিত এজন প্ৰধান শিক্ষক আৰু এগৰাকী সহকাৰী শিক্ষয়িত্ৰীৰ দায়িত্ব জ্ঞানহীন কৰ্মকাণ্ডই অঞ্চলটোৰ ৰাইজৰ চকু কপালত তুলিছে। কঠালগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰণ্টু বৰুৱা আৰু সহ শিক্ষয়িত্ৰী চোৰামণি সোণোৱালে বন বিভাগ কিম্বা সংশ্লিষ্ট বিভাগৰ কোনো অনুমতি নোলোৱাকৈ বিদ্যালয়খনৰ চৌহদত থকা প্ৰায় ২০ জোপা পৈণত গছ কাটি তহিলং কৰিছে। লগতে কটা গছ বাগৰি পৰি বিদ্যালয়খনৰো বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে।

তাৰপাছতে স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ১১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ১৭৬ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ ক্ষতিসাধন হোৱাত সমগ্ৰ মৰাণ অঞ্চলতে ব্যাপক চৰ্চা চলিছে। বন বিভাগৰ অজ্ঞাতে বিদ্যালয়খনৰ গছ কাটি তহিলং কৰে দুয়োগৰাকী শিক্ষকে।

ইফালে, বন বিভাগে ইতিমধ্যে কাটি পেলোৱা গছ সমূহ জব্দ কৰিছে। বিভাগটোৱে শিক্ষকজনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি দৈনিক মদ্যপান কৰি বিদ্যালয়লৈ আহে প্ৰধান শিক্ষকজন। কেইবছৰ মানৰ পূৰ্বে তেওঁ বিদ্যালয়ৰ কিতাপ মাটিত পুতি জে’লতো যাব লগা হৈছিল।

কিন্তু তাৰ পাছতো কোনো শিক্ষা নলৈ দায়িত্ব জ্ঞানহীন কিছুমান কাণ্ডত বিতৰ্কত সোমাই পৰে শিক্ষকজন। ৰাইজে সেয়ে শিক্ষা বিভাগক এই দুয়োগৰাকী শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply