মৰাণঃ শিক্ষা বিভাগত নতুন শিক্ষা নীতি আৰু শিক্ষাখণ্ড উন্নীতকৰণৰ বাবে অভিলাষী আঁচনি যিমানে ঘোষণা কৰিছে সিমানে শিক্ষাখণ্ডৰ ভিতৰ চৰাৰ ফোপোলা স্বৰূপ উন্মোচন হৈছে।

তাৰে এক উদাহৰণ ডিব্ৰুগড় জিলাৰ খোৱাং শিক্ষা খণ্ডৰ অধীন টিংখাং বিধান সভা সমষ্টিৰ টিনঠেঙীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত তিলৈ কিনাৰ বঙালী অংগনৱাড়ী কেন্দ্ৰৰ।

প্ৰায় ৪০ গৰাকী কণ-কণ শিশুৱে ৰ’দে-বৰষুণে পাঠদান কৰিবলগীয়া হৈছে। বৰষুণ দিলে বন্ধ কৰিব লাগে পাঠদান।

তিনিবাৰকৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াক আবেদন জনোৱাৰ পিছতো কোনো সঁহাৰি লাভ নকৰিলে কেন্দ্ৰটোৰ পৰিচালিকা গৰাকীয়ে।

ফলত এনেদৰে উন্মুক্ত চালি, ফুটা টিনপাতৰ তলত পাঠদান আৰু মধ্যাহ্ন ভোজন কৰিব লগীয়া হৈছে কণ কণ শিশুসকলে।

লগতে পঢ়কঃক’ভিড পৰিস্থিতিৰ বাবে ভাৰ্চুৱেল মাধ্যমযোগে সীমিত সংখ্যাক গোচৰৰ শুনানি আৰম্ভ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply