মৰাণ: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অন্তৰ্গত চৰকাৰী পঞ্জীয়নভূক্ত মহিলা আত্মসহায়ক গোট সমূহৰ উমৈহতীয়া বিপনী মৰাণ শিংৰীজান তিনিআলিত দুখন মুকলি কৰা হয়।

উক্ত এই মুকলি অনুষ্ঠানত খুমটাই গাওঁ পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মাই গোট সমূহক এই বিপনীসমূহ চমজাই দিয়ে। উল্লেখ্য যে স্বাৱলম্বিতাৰ উদ্দেশ্যে মহিলা সকলে একগোট হৈ গঠন কৰা আত্মসহায়ক গোট সমূহে নিজে প্ৰস্তুত কৰি উলিওৱা সামগ্ৰী সমূহ নিজা বিপনী নথকাত যথেষ্ট সমস্যাৰ সন্মুখীন হব লগা হৈছিল।

আজি খুমটাই গাওঁ পঞ্চায়তৰ অধীনত থকা চৰকাৰী পঞ্জীয়নভূক্ত গোট সমূহৰ বাবে স্থায়ী বিপনী প্ৰদান কৰাত উৎফুল্লিত হয় আত্মসহায়ক গোট সমূহ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply