মৰাণ: মানুহে মানুহৰ বাবে…. সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ শীৰ্ষ এই গীতটোকেই যেন আজি আখৰে আখৰে মিলি উঠা যেন এক এয়া জীয়া ছবি।

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে দেখিবলৈ পোৱা গ’ল প্ৰশংসনীয় পদক্ষেপ । চৰাইদেউ জিলাৰ ১০৫নং মাহমৰা সমষ্টিৰ মৰাণহাট আৰক্ষী থানা অন্তৰ্গত মৰাণহাটৰ ৬ নং ৱাৰ্ডৰ বৃদ্ধাৰ গৰাকীৰ নাম পতিমা বেগম , বয়স ৬৭ বছৰ ।
এই বৃদ্ধা গৰাকীৰ পৰিয়ালৰ কোনো সদস্য নথকাৰ লগতে নিজা গৃহৰ নথকাৰ বাবে দীৰ্ঘ দিনে সমস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল।

মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত সেৱা আবঢ়াই অহা সন্থা ‘ৱাৰিৱৰছ’;আৰু কেইগৰাকীমান সচেতন ব্যক্তিৰ উদ্যোগত চৰাইদেউ জিলাৰ মৰাণহাটৰ পৰা এগৰাকী অসহায় মহিলা গৰাকীক উদ্ধাৰ কৰি চৰাইদেউ জিলাৰ মথুৰাপুৰত অৱস্থিত বয়োজ্যেষ্ঠ আশ্ৰমত ভৰ্তি কৰোৱা হয় ।

সহায় কৰিবলৈ আগবাঢ়ি অহা লোক সকল

পৰিয়ালত কোনো নথকা মহিলাগৰাকীয়ে অকলশৰে থাকিব লগীয়া হৈছিল । মহিলগৰাকীৰ বৰ্তমান ঠিকনা হৈছে মথুৰাপুৰস্থিত বয়োজ্যেষ্ঠ আশ্ৰম । এতিয়াৰে পৰা মহিলাগৰাকীৰ দায়িত্ব লব ‘বয়োজ্যেষ্ঠ আশ্ৰম’ কৰ্তৃপক্ষই ।

ইফালে, মহিলাগৰাকীক উদ্ধাৰ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে সচেতন ৰাইজে ।

এই মহানুভব সকলে বয়োজ্যেষ্ঠৰ আশ্ৰমত বতমান থকা লোকসকলৰ মাজত একোখনকৈ গৰম কাপোৰ বিতৰণ কৰে।

লগতে পঢ়ক-৩১ ডিচেম্বৰৰ লগতে নৱবৰ্ষৰ প্ৰথম দিনটোত দুৰ্ঘটনা মুক্ত হ’ল বোকাখাতত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply