মানস প্ৰতিম গগৈ,মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত সদৌ মৰান ছাত্ৰ সন্থাই আজি এক ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰে ৷
জনজাতিকৰণ আৰু স্বায়িত্ব শাসনৰ দাবীত সংগঠনটোৰ ডিগবৈ, ডিৰাক আৰু ফিলবাৰী আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ সন্মুখত হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্থ কৰে ৷
সুদীৰ্ঘ দিন ধৰি চৰকাৰক জনজাতিকৰণ আৰু স্বায়িত্ব শাসনৰ দাবীত সংগঠনটোৱে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিওঁ চৰকাৰে বিষয়টোৰ ওপৰত কোনো ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ সংগঠনটোৰ ৷
আজি অৱস্থান ধৰ্মঘটনৰ যোগেদি সংগঠনটোৱে চৰকাৰক বিষয়টোক গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহনৰ বাবে দাবী জনোৱাৰ লগতে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি মৰাণ সকলৰ দাবী সমূহৰ ক্ষেত্ৰৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।
অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি নেতৃত্বই হুংকাৰ প্ৰদান কৰে।
লগতে পঢ়ক- ৰাজ্যত অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা দুজনলৈ বৃদ্ধি, ক’ভিড আক্ৰান্তও বাঢ়িছে