মৰাণ : মৰাণত অ’পেন ইণ্টাৰ স্কুল নেচনেল টাইকুৱাণ্ড চেম্পিয়নছিপ ২০২১ সফল সমাপন। মৰাণত মিলিত শিল্পী সমাজ নাত্য মন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অ’পেন ইণ্টাৰ স্কুল নেচনেল টাইকুৱাণ্ড চেম্পিয়নছিপ ২০২১ ৰ দেওবাৰে সফল সমাপন হৈ যায়।
প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যেনে মণিপুৰ, দিল্লী, ছিক্কিম, হাৰিয়ানা, অন্ধপ্ৰদেশৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় চাৰিশ খেলুৱৈ অংশগ্ৰহণ কৰে। নিশাৰ ভাগত সম্পন্ন হৈ যোৱা প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ দল হিচাপে খিতাপ অৰ্জন কৰে অসমৰ দলে।
লগতে পঢ়ক : চলা গ্ৰাম্য অভয়াৰণ্যত অৰ্কিড পুনৰ সংস্থাপন
অসমৰ দলটোৱে শ্ৰেষ্ঠ দলৰ খিতাপ অর্জন কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থাকে মণিপুৰ আৰু তৃতীয় স্থান দখল কৰে ছিক্কিমৰ দলে।