মৰাণঃ মৰাণত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মৰাণ মহকুমা সমিতিৰ সহযোগত সংগঠনটো শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন সদস্যৰ যোগদান কাৰ্যসূচী ৰূপায়ণ।
মৰাণৰ আশীৰ্বাদ ভৱন সভাকক্ষত হোৱা যোগদান কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰাণা ৰঞ্জন গগৈ, কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ আদিকে প্ৰমুখ্য কৰি কেইবাগৰাকী জেষ্ঠ্য নেতা, সমাজকৰ্মীৰ উপস্থিতিত টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা নিপন ফুকনৰ নেতৃত্বত ১৫০ গৰাকী সদস্যই যোগদান কৰে টাই আহোম যুৱ পৰিষদ অসমত।
লগতে পঢ়কঃদৰঙত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক সমাজ কল্যাণ মন্ত্ৰী এ নাৰায়ণ স্বামী
টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয় যে বিগত বছৰ কেইটাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে টাই আহোম সকলক জনজাতি মৰ্যদা দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈকে ৰক্ষা কৰিব নোৱাৰিলে।
কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু পিছত সকলো নিমাত, পৰৱৰ্তী সময়ত আমি সংগ্ৰামৰ লগতে আহোম সকল একগোট হৈ এক ৰাজনৈতিক দল গঠন কৰাৰ চিন্তা চৰ্চা কৰি থকা হৈছে বুলি মন্তব্য কৰে।