মৰাণঃ বৰাকৰ মৌলবী ম. ওয়াছমিনৰ বিতৰ্কিত মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)।
মৌলবী, মৌলবাদী ম.ওয়াছমিনক লৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ প্ৰতিক্ৰিয়া।
সাম্প্ৰদায়িক মন্তব্য কৰা লোকসকলক দেশৰ পৰা বহিস্কাৰ কৰাৰ আহ্বান চৰকাৰক। আহোম বুৰঞ্জীৰ কোনো কথা নজনাকৈ ইতিহাস বিকৃত কৰাৰ মন্তব্য কৰিছে ম. ওয়াছমিনে।
লগতে পঢ়কঃপ্ৰবঞ্চক মৃদুপবনক লৈ আনন্দ মিশ্ৰৰ প্ৰতিক্ৰিয়া
উল্লেখ্য যে, বৰাকত মৌলবী ম ওয়াছমিনে মন্তব্য কৰিছিল যে মৃত স্বামীৰ সৈতে পত্নীকো সৎকাৰ কৰিছিল আহোম সকলে। হিন্দু দেৱতাৰ সন্মুখত দিয়া প্ৰসাদ মুছলমানে খোৱাটো হাৰাম।
যাৰবাবে এতিয়া ইছলামিক মৌলবি ওয়াছমিনৰ এনে মন্তব্যত জাঙুৰ খাই উঠিছে টাইপা।
আনহাতে, বেঙ্গুলী টাইগাৰ ফৰ্ছ নামৰ অখ্যাত সংগঠনৰ উপদেষ্টাক বিহিত ব্যৱস্থা ল’বলৈ অসম চৰকাৰক আহ্বান জনাই টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে।