মৰাণ: ১৯৬৩ চনতে স্থাপিত ২নং ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেআইনীভাৱে বেদখল কৰি ঘৰ বনাই বাস কৰাৰ অভিযোগ উত্থাপন হৈছে টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন কৰিছে একে সময়তে ৰাজগড় প্ৰাথমিক বিদ্যালয়খনত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষক, স্থানীয় বয়োজেষ্ঠ লোকসকলে।

উল্লেখ্য যে ২০১০ চনত ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুনিন বৰুৱাৰ লগত অধ্যক্ষ অশোক গগৈয়ে বুজাবুজি মাধ্যমেৰে ৩কঠা মাটিৰ বিনিময়ত অশোক গগৈয়ে প্ৰাথমিক বিদ্যালয়ৰ ১.৫ বিঘা মাটি সাল সলনি কৰিছিল ।
কিন্তু পৰিতাপৰ বিষয় যে অধ্যক্ষ অশোক গগৈয়ে বৰ্তমান লৈকে তেখেতৰ ৩কঠা মাটি আজিলৈকে স্কুলৰ কৰ্তৃপক্ষক চমজাই নিদিয়াৰ উপৰিও প্ৰাথমিক বিদ্যালয়ৰ মাতি বেআইনীভাৱে নিজে দখল আৰু বিক্ৰী কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে জেষ্ঠ নাগৰিক সকলে।

বৰ্তমান প্ৰাথমিক বিদ্যালয় খনৰ নামত থকা ২ বিঘা ২ কঠা মাটিৰ সলনি ২কঠাহে মাটি বাকী আছে বাকী বুলি অভিযোগ উত্থাপন কৰিছে। বাকী সকলো মাটি দখল কৰিছে বুলি অভিযোগ কৰিছে বুলি অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক সকলে অভিযোগ কৰিছে।

আনহাতে এই সন্দৰ্ভত স্থানীয় একাংশ জেষ্ঠ নাগৰিকে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ যোৱাৰ সময়ত অধ্যক্ষ অশোক গগৈয়ে আৰক্ষী হতুৱাই আৰক্ষী থানাত আতিশয্য চলোৱাৰ অভিযোগ আনিছে। লগতে এই সন্দৰ্ভত টিংখং ৰাজহচক্ৰ, স্থানীয় বিধায়কৰ লগতে উপায়ুক্তক লিখিত অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত চিন্তিত হৈছে সচেতন তথা জেষ্ঠ নাগৰিকসকল।