মৰাণৰ উপকণ্ঠ অঞ্চলসমূহৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দীৰ্ঘ দিন ধৰি চোৰে চলাই অহা চুৰি কাৰ্যৰ বাবে অঞ্চলসমূহৰ ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে।
এই সন্দৰ্ভত মৰাণহাট আৰক্ষীয়ে এক অভিযান চলাই নামঘৰ অথবা ধৰ্মীয় অনুষ্ঠানৰ পৰা চুৰ কৰি নি লুকুৱাই থোৱা অৱস্থাত বিভিন্ন সামগ্ৰীৰ লগতে দুটা গভাইত চোৰক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে বিগত সময়ছোৱাত মৰাণৰ বিভিন্ন স্থানত নামঘৰ, মন্দিৰ সমূহত চোৰে তহিলং কৰি নিছে বিভিন্ন মূল্যবান সমগ্ৰী।