মৰাণঃ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ দলপা, বৰপথাৰ, নলনীবাম গাঁৱত বাঘৰ আতংক। গাওঁকেইখনৰ কেইবাগৰাকীয়ো লোকৰ পশুধন ভক্ষণ কৰিছে বাঘে। আনকি বাঘৰ ভয়ত এতিয়া কেইবাগৰাকীয়ো লোক একগোট হৈ চলা ফুৰা কৰিবলগীয়া হৈছে অঞ্চলটোত।
লগতে পঢ়কঃমৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
সন্ধিয়া হোৱাৰ লগে লগে জনবসতি অঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা বাঘটোৰ ভয়ংকৰ গোঁজৰণিত আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত।
অঞ্চলবাসীয়ে এতিয়া বাঘৰ আতংকত বিনিদ্ৰ ৰজনী কটাবলগীয়া লগীয়া হৈছে। বাঘৰ এই আতংকৰ বিষয়ে বনবিভাগক অৱগত কৰিছে যদিও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত গাওঁবাসী।