মৰাণ নগৰৰ এক দীৰ্ঘদিনীয়া সমস্যা আছিল নগৰখনত যত তত সিচৰিত হৈ থকা বিদ্যুতৰ খুটা। যি নেকি মৰাণ নগৰখনৰ সৌন্দৰ্য্যত এক বিশৃংখল ৰূপে দেখা দিছিল।
এই দীৰ্ঘদিনীয়া সমস্যা অন্ত পেলাই মৰাণ নগৰখনত আটকধুনীকৈ সজোৱা প্ৰতি গুৰুত্ব প্ৰদান কৰি আজি মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে শিৱসাগৰ বৈদ্যুতিক সংমণ্ডল APDCL ৰ অধীনত মৰাণ নগৰ সৌন্দৰ্য্য বৰ্ধন আঁচনিৰ অন্তৰ্গত NHIDCL ৰ পুঁজিৰ দ্বাৰা প্ৰায় ১কোটি ৭৪ লাখ ২৫ হাজাৰ ৩৩৯ টকা ব্যয়ৰে ১১ কেভি আৰু এল টি লাইন স্থানান্তৰিত কৰাৰ লগতে ট্ৰেন্সফৰ্মাৰ লোৱা কাৰ্যৰ শুভাৰম্ভণি কৰে।
আনহাতে এই কাৰ্যসূচীতে সাংবাদিকে সোধা মৰাণ মহকুমাৰ কাৰ্যক্ষম কেতিয়া সম্পূৰ্ণ উঠিব বুলি উত্তৰত বিধায়ক চক্ৰধৰ গগৈ কয় যে প্ৰয়াত তৰুণ গগৈৰ দিনৰ কংগ্ৰেছৰ চৰকাৰ খনে কেৱল ৰাজনৈতিক লাভালাভৰ বাবে মৰাণ মহকুমা ঘোষণা কৰিলে।
কিন্তু সীমা নিৰ্ধাৰণ নকৰিলে সেয়েহে এই ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হব লগা হৈছে। অনাগত দিনত ইয়াৰ বাবে চেষ্টা কৰিম বুলি মন্তব্য কৰে বিধায়ক চক্ৰধৰ গগৈয়ে।
লগতে পঢ়ক- শালবাগানৰ গছ কাটি সম্প্ৰসাৰণ কৰা নহয় ফ’ৰলেন