মৰাণঃ মৰাণৰ খোৱাং নাহৰণি গাঁ‌ৱত সোণোৱাল-কছাৰী সকলৰ পৰম্পৰাগত বহুৱা নৃত্য প্ৰদৰ্শন কৰা হয়। খোৱাঙৰ নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৭৪ সংখ্যক দ্বি-বাৰ্ষিক বহুৱা নৃত্যৰ এই অনুষ্ঠান অনুষ্ঠিত হয়। এই নৃত্য প্ৰদৰ্শনকাৰী সকলে মুখা আৰু দেহটো কলগছৰ পাতেৰে মেৰিয়াই লয়। ইয়াত ৰজাই মেৰিয়াই লয় ১০১ খিলা কলপাত। এই নৃত্য চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে লোকাৰণ্য হৈ পৰে।

লগতে পঢ়কঃলখিমপুৰ জিলাৰ বগীনদীত গুলীচালনাৰ ঘটনা

উল্লেখ্য যে, ‘বহুৱা নাচ’ অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সোণোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ এক প্ৰকাশ কৰা একমাত্ৰ মাধ্যম হৈছে এই ‘বহুৱা নাচ’। প্ৰধানকৈ উপাস্য দেৱতা শিৱক সন্তুষ্ট কৰিবৰ কাৰণেই সোণোৱাল কছাৰীসকলে এই নাচ পৰিৱেশন কৰে। তেওঁলোকৰ বিশ্বাসমতে প্ৰভু সন্তুষ্ট হ’লেই সমাজৰপৰা অপায়-অমংগল দূৰ হ’ব, বেমাৰ-আজাৰ আঁতৰিব আৰু সমাজত শান্তি স্থাপন হ’ব। নাচৰ প্ৰস্তুতি পৰ্বত শিল্পীসকলৰ সাজ-সজ্জা কৰা হয় এখন হাবিত। তাত কেৱল বয়সস্থ লোকৰ প্ৰৱেশৰহে অনুমতি থাকে। বহুৱা নৃত্যত অভিনয় কৰা শিল্পীসকলৰ পৰিচয়ো অতি গোপনে ৰখা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply