মৰাণঃ সুদীৰ্ঘ ৩৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটাই তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উৱন গাঁৱলৈ উভতিল আলফা শীৰ্ষ নেতা জীৱন মৰাণ। আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতিকে ঘনিষ্ঠ সংগ্ৰামী সতীৰ্থ জীৱন মৰাণে বিগত বৰ্ষতে ৰোগাক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি ম্যানমাৰৰ শিবিৰৰ পৰা ওলাই আহিছিল।
ম্যানমাৰত চলি থকা সামৰিক অভ্যুত্থানৰ জটিলতাৰ বাবে চিকিৎসা কৰিব নোৱাৰাৰ বাবে শিবিৰ ত্যাগ কৰিব লগীয়া হৈছিল বুলি মন্তব্য আগবঢ়ায়। কেইবাটাও গোচৰত অভিযুক্ত আলফা নেতাজনে যোৱা কেইবামাহো কাৰাবাস খাটি অৱশেষত কালি জামিন লাভ কৰি নিজ গৃহলৈ উভতে। NIA আদালতে মঞ্জুৰ কৰিলে মৰাণৰ জামিন । সময়ত চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাৰ বাবে জামিন মঞ্জুৰ কৰে আদালতে।
লগতে পঢ়কঃলাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডিএছপি হিচাপে নিযুক্তি
নিশাটো ৰূপাইস্থিত বাসগৃহত থাকি আজি কাকপথাৰৰ উৱন গাঁৱৰ ওপজা গাঁৱলৈ যাত্ৰা আৰম্ভ কৰে। শান্তি আলোচনাৰ পোষকতা কৰা আলফা নেতাজনে ৩৪ বছৰীয়া সংগ্ৰামৰ বিষয়টো আঁতৰাই চলি আগন্তুক সময়ত স্পষ্ট কৰাৰো ইংগিত দিয়ে।