যাতায়াতৰ একমাত্ৰ ব্যবস্থা

ডিব্ৰুগড় জিলা মৰাণ সমষ্টিৰ অন্তৰ্গত কোটোহা পঞ্চায়তৰ অতি ভিতৰুৱা এটা অঞ্চল হৈছে ভগামুৰ ৰায় গাঁও (মাজুলী) । এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলটোৰ ৰাইজে অতি কষ্টেৰে চলাই গৈছে জীৱন সংগ্ৰাম । বুঢ়ীদিহিং নদীৰে চাৰিওফালে আগুৰি থকা এই দ্বীপটোত মুঠ পৰিয়াল আছে ২২ টা । কেৱল কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছে পৰিয়ালকেইটা । বানপানীৰ বাবে শালি খেতি নহয় । খৰালিৰ ৰবি শস্য খেতি কৰি কোনো মতে চলি আছে পৰিয়ালকেইটা ।

যাতায়তৰ কোনো সুবিধা নাই, টুলুঙা নাৱেৰেই সকলোৱে চলাই গৈছে  জীৱন । প্ৰায় ১ হাজাৰ বিঘা মাটিকালিৰে আবৃত্ত এই অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনৰ পৰা দাবী কৰি আহিছে এখন দলং । কিন্তু আজিও ৰাইজৰ সপোন পূৰণ হোৱা নাই । 

হাট-বজাৰ, চিকিৎসা আৰু শিক্ষাগ্ৰহণৰ বাবে অতি বিপদ সংকুলভাৱে তেওঁলোকে যাতায়ত কৰিব লগা হয় । বছৰ বছৰ ধৰি এনেদৰে জীৱন নিৰ্বাস কৰি আছে যদিও কোনো এখন চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰা নাই । লগতে আজিলৈকে দেখি পোৱা নাই মৰাণত সমষ্টিৰ বিধায়কক, চিনি নাপাই বিধায়ক গৰাকী কেনেকুৱা, কেৱল নামটোহে জানে বৃদ্ধই, নিৰ্বাচনৰ সময়ত ভোটভিক্ষা কৰিবলৈ ৰাজনৈতিক নেতাসকল যায় বুলি মন্তব্য কৰে বৃদ্ধই ।

পৰিৱৰ্তনৰ শ্ল’গান দিয়া চৰকাৰখনৰ মাজুলীবাসীলৈ সুদৃষ্টি কেতিয়া পৰিব । নে সমস্যাৰ মাজতেই তেওঁলোকে জীৱন অতিবাহিত কৰিব লাগিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply