মৰাণঃ “সমগ্ৰ বিশ্বত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা সকলৰ ভিতৰত প্ৰায় সংখ্যক মানুহে প্ৰাণ হেৰুৱাইছে অক্সিজেনৰ অভাৱত। এতিয়া আমি গছপুলি ৰোপন কৰি সেই অক্সিজেনৰ অভাৱ পূৰণ কৰিব লাগিব।”- এই মন্তব্য কৰিছে পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েঙে। 

ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠান ( আই আই ই)ৰ উদ্যোগত খোৱাঙৰ পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজিৰ পৰা দহদিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অৰণ্য মানৱ গৰাকীয়ে। 

এই উদ্বোধনী অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অৰণ্য মানৱ গৰাকীয়ে আৰু কয় যে- এই পৃথিৱীত জীৱ-জন্তু, চৰাইও গছ ৰোপন কৰিব জানে। কেৱল জীৱশ্ৰেষ্ঠ মানুহেহে গছ কাটিব জানে। 

তেওঁ লগতে কয় যে- অসমৰ জীৱ-জন্তু আৰু গছ-গছনি সুৰক্ষাৰ বাবে আইন অতি শক্তিশালী। কিন্তু ভাৰতীয় প্ৰশাসন বা বন বিভাগে এই সমূহক সুৰক্ষা দিব পৰা নাই বুলি অৰণ্য মানৱ গৰাকীয়ে উল্লেখ কৰে । 

উল্লেখযোগ্য যে, খোৱাং পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ত হ’ব লগা এই কৰ্মশালাত শিক্ষাৰ্থী সকলক বৃত্তিমূলক শিক্ষা দিয়া হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply