মৰাণ: জনপ্ৰতিনিধি আৰু চৰকাৰী বিষয়াৰ হেমাহিৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত মিছনে সফল ৰূপ পাবলৈ বহু দূৰ বাকী আছে । তেনে এক দৃশ্যই দেখিবলৈ পোৱা যায় মৰাণৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালত ।
কাৰ্যালয়টোৰ চৌহদত স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ অসম) আঁচনিৰ অধীনত পঞ্চায়তৰ জাবৰ নিষ্কাশনৰ বাবে অনা কুৰিৰো অধিক ত্ৰাই চাইকেল। আজি প্ৰায় ৬ মাহ ধৰি অৱ্যৱহৃত হৈ পৰিত্যক্ত অবস্থাত পৰি আছে ।
যাৰ ফলত এই চাইকেল সমূহত এতিয়া মামৰে ধৰিছে । কাৰ্যালয়টোৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মৰাণৰ কাৰ্যালয়ৰ পৰা পঞ্চায়ত সমূহলৈ জাবৰ নিষ্কাশনৰ এই ত্ৰাই চাইকেল সমূহ হস্তান্তৰ কৰা হ’ল ।
দুটামান পঞ্চায়তে নিলে যদিও কেইবাটাও পঞ্চায়তে বাহন সমূহ পঞ্চায়তলৈ নিয়া নাই । বাহন বিলাক নিবলৈ বাকী থকা মৰাণ সমষ্টিৰ পঞ্চায়ত কেইটা ক্ৰমে নাহৰণি পঞ্চায়ত, ধেমেচী পঞ্চায়ত, মৰাণ দিখাৰী পঞ্চায়ত আৰু ৰাংচালি পঞ্চায়ত ।
এই পঞ্চায়ত সমূহৰ সভাপতি কিম্বা সচিব সকলে বাহন সমূহ নিয়াৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই । এই পঞ্চায়ত কৰ্মীসকলে এইবোৰ লৈ গ’লে বোজা হ’ব বুলি ভাবিয়েই ইয়াক নিজা পঞ্চায়তলৈ নিয়াৰ আগ্ৰহ প্ৰকাশ কৰা নাই।
নিজা পঞ্চায়তটো কেনেদৰে চাফাচিকুন কৰি ৰাখিব পাৰি তাক লৈ চিন্তা এইসকল পঞ্চায়ত কৰ্মীৰ নাই। যাৰ বাবে ৰ’দে,বৰষুণে তিতি কাৰ্যালয়ৰ চৌহদতে আধা অংশ মামৰে ধৰিছে । যাক লৈ এতিয়া ৰাইজ আৰু দল-সংগঠনৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।