নিউজ ডেস্ক: কর্মহীনতা আৰু ভবিষ্যৎ অনিশ্চয়তাত দিন কটাইছে ৩০ লক্ষাধিক অসমীয়া ঠিকাদাৰে। ২০ কোটি টকা পর্যন্ত কাম কৰিবলৈ সক্ষম স্থানীয় ঠিকাদাৰসকল হৈ পৰিছে কৰ্মহীন । থলুৱাক বঞ্চিত কৰি বহিৰাগত ঠিকাদাৰে গ্ৰাস কৰিছে ৫০-১০০ কোটি টকাৰ ঠিকা। অসম চৰকাৰৰ বিভিন্ন বিভাগসমূহত এতিয়াও চলি থকা কমিছনৰাজৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে একাংশ থলুৱা ঠিকাদাৰ।
একাংশ ঠিকাদাৰে কৰা অভিযোগ অনুসৰি বৰ্তমান ৰাজ্য চৰকাৰখনৰ বিভিন্ন বিভাগসমূহত চলি থকা বৃহৎ কমিছনৰ অংক আৰু অনাঅসমীয়া ঠিকাদাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ পেকেজ ব্যৱস্থা হোৱাৰ বাবে শেহতীয়াকৈ কৰ্মহীন হৈ পৰিছে ৰাজ্যৰ ৩০ লক্ষাধিক ‘এ’ক্লাছ ঠিকাদাৰ । প্ৰায় প্ৰতিটো বিভাগতে ওলোৱা ৫০ কোটি, ১০০ কোটি টকাৰ ঠিকাবোৰ কমিছনৰ অংকত পেকেজ কৰি অনাঅসমীয়া ঠিকাদাৰক গতাই দিয়াৰ ফলত এতিয়া ৰাজ্যৰ ৩০ লক্ষাধিক ঠিকাদাৰৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।
প্ৰায়বিলাক থলুৱা ঠিকাদাৰেই ২০ কোটি পর্যন্ত ঠিকাৰ কাম কৰিব পৰাকৈ যোগ্য আৰু অভিজ্ঞ। গতিকে ১০০ কোটিৰ ঠিকা এটা যদি ১০জন থলুৱা ঠিকাদাৰৰ মাজত ৰাজ্য চৰকাৰে ভগাই দিলেহেঁতেন, তেনেহ’লে তেওঁলোকৰ লগত জড়িত ড্ৰাইভাৰ, শ্রমিককে ধৰি আন বহু লোকৰ পৰিয়ালো চলি থাকিলেহেঁতেন। কিন্তু এতিয়া চৰকাৰে অনাঅসমীয়া ঠিকাদাৰক ৩০ শতাংশ কমিছনত অধিকাংশ ঠিকাই আবণ্টন দিয়াৰ ফলত ৩০ লক্ষাধিক ঠিকাদাৰৰ লগতে লাখ লাখ শ্রমিকো কৰ্মহীন হৈ পৰিছে।
প্ৰাপ্ত অভিযোগ মতে জলজীৱন মিছনৰ জৰিয়তে কেৱল এচাম অনাঅসমীয়া ঠিকাদাৰক বিজেপি চৰকাৰে ৰজা বনাইছে। সেইদৰে গড়কাপ্টানী বিভাগৰ অধিকাংশ কামতে চলিছে অনাঅসমীয়া ঠিকাদাৰৰ দপদপনি।
উল্লেখ্য যে জলসম্পদ, জনস্বাস্থ্য কাৰিকৰীকে ধৰি বিভিন্ন বিভাগসমূহত চলি থকা পেকেজ ব্যৱস্থা নির্মূল কৰিবলৈ স্থানীয় ঠিকাদাৰসকলে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে এই দাবীৰ প্ৰতি বৰ্তমানলৈকে কোনো গুৰুত্ব দিয়া নাই।
এনেদৰেই এতিয়া ৰাজ্যৰ এচাম অনাঅসমীয়া স্থানীয় ঠিকাদাৰৰ অৱস্থা দিনে দিনে বেয়ালৈ গতি কৰিছে।