দক্ষিণ শালমাৰা : নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। জিলাখনত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ২৩ ছেণ্টিমিটাৰ ওপৰেৰে বৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বহু অঞ্চল প্লাবিত। অৰ্ধ শতাধিক গাঁও জলমগ্ন হৈ আছে জিলাখনত।
ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অৰ্ধ শতাধিক গাঁও বানৰ কবলত পৰিছে। দেওবাৰে বিয়লি ৪ বজালৈ ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদসীমাৰ ২৩ ছেণ্টিমিটাৰ ওপৰেৰে বৈ থকা ফলত জিলাখনৰ বহু অঞ্চল প্লাবিত হৈ আছে। বিশেষকৈ চৰাঞ্চলত একাংশ লোকৰৰ ঘৰৰ মধূচলৈ পানীয়ে জলমগ্ন কৰি ৰখাৰ ফলত চৰাঞ্চলৰ লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
একেদৰে জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ ১ কিলোমিটাৰ নিলগত থকা বাংৰীৰচৰ, পুৰাণ সুখচৰ গাঁওতো একাংশ বিদ্যালয় বিগত কেইবাদিন ধৰি জলমগ্ন হৈ আছে। আনহাতে একাংশ লোকৰ ঘৰ নিশাৰ ভিতৰত পানীয়ে জলমগ্ন কৰি পেলোৱাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘৰৰ ভিতৰতে বানাক্ৰান্ত লোক সকলে চাং পাতি আশ্ৰয় ল’বলৈ আৰম্ভ কৰাৰ লগতে একাংশ লোক ইতিমধ্যে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। বানাক্ৰান্ত ৰাইজে পথৰ কাষত তথা ওখ স্থান বিচাৰি আশ্ৰয় ল’বলৈ আৰম্ভ কৰিছে।
লগতে পঢ়ক : চলন্ত মটৰ চাইকেলত ইউটিউব ভিডিঅ’ বনাই থাকোতে এজনৰ মৃত্যু
ইফালে বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে। ধুবুৰী জিলাৰ অন্তৰ্গত দক্ষিণ শালমাৰা সমষ্টিৰ প্ৰায় শতাধিক গাঁও বানৰ কবলত পৰিছে। সমষ্টিখনৰ পামপাৰা, চতলাৰপাৰ, মাটিফাটা , বাউছকাটা এলেকাত বানৰ মাজতেই তীব্ৰ গৰাখহনীয়া আৰম্ভ হোৱাত নৈপৰীয়া বানাক্ৰান্ত লোক সকল দিশ বিদিশ হেৰুৱাই পেলাইছে।