কৰিমগঞ্জ : কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সাফল্য। ড্ৰাগছ বিৰোধী অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে লাভ কৰিলে অন্য এক বৃহৎ সাফল্য। সীমান্ত সুৰক্ষা বাহিনীৰ লগত যুটীয়া অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে দুটাকৈ বৃহৎ সাফল্য লাভ কৰিছে। অভিযানকাৰী দলটোৱে মাটিৰ তলৰ পৰা জব্দ কৰে ২,৫৯,২০০ টা নিচাজাতীয় টেবলেট।
শনিবাৰে নীলিমবজাৰ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে নীলিমবজাৰত এক ড্ৰাগছ বিৰোধী অভিযান চলাই মাটিৰ তলৰ পৰা ২,৫৯,২০০ টা নিচাজাতীয় ‘ইয়াবা’ টেবলেট জব্দ কৰে। জানিব পৰা মতে ইয়াৰ পুর্বে ইমান বৃহৎ সংখ্যক নিচাজাতীয় টেবলেট জব্দ হোৱা নাছিল।
নিচাজাতীয় ‘ইয়াবা’ টেবলেটখিনিৰ মূল্য ৮ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে ৰাতাবাৰীত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই অন্য এক বৃহৎ সাফল্য লাভ কৰে।
লগতে পঢ়ক : হোজাই জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ন-ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ অভিযান
ৰাতাবাৰী আৰক্ষীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ লগত নিভিয়া বজাৰত যুটীয়া অভিযান চলাই ৬০৫ গ্ৰাম হেৰ’ইন জব্দ কৰে। ৪৬ টা চাবোনৰ বাকচত হেৰ’ইনখিনি লুকুৱাই আনিছিল ড্ৰাগছ সৰবৰাহকাৰীয়ে। হেৰ’ইনখিনিৰ লগত আৰক্ষীয়ে