গুৱাহাটী : পৰিৱেশ আৰু বন বিভাগে ৰাজ্যৰ ৩৪০০ হেক্টৰতকৈ অধিক বন বিভাগৰ মাটি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে। ২০১৬-২০ চনৰ ভিতৰত পৰিৱেশ আৰু বন বিভাগে সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য সংৰক্ষিত অঞ্চলৰ ৩০০০ হেক্টৰতকৈ অধিক ভূমি অবৈধ দখলৰ পৰা উদ্ধাৰ কৰিছে। এই অভিযানসমূহত ২৯৬০ টা অবৈধ নিৰ্মাণ ধ্বংস কৰাৰ উপৰিও ১৯৪ জন ব্যক্তিক আটক কৰিছে। ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা ২৩ জুনৰ ভিতৰত ৯১৫ হেক্টৰ ভূমি এইদৰে অবৈধ বেদখলমুক্ত কৰা হয়।

নামনি অসম মণ্ডলত, ১৮৫.৫৫ হেক্টৰ ভূমি, উজনি অসম মণ্ডলত ২.৫ হেক্টৰ ভূমি, কাৰ্বি আংলং পশ্চিম অঞ্চলৰ ৬১৫ হেক্টৰ ভূমি, কাৰ্বি আংলং পূৱ মণ্ডলৰ ৫০ হেক্টৰ ভূমি, কোকৰাঝাৰৰ হাতুগাঁৱত ৪০ হেক্টৰ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলৰ প্ৰায় ২২ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয়। পৰিৱেশ আৰু বন বিভাগৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানক অবৈধ দখলৰ পৰা সম্পূৰ্ণভাৱে মুক্ত কৰিবলৈ এক অভিযানৰ সূচনা কৰিছে।

মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই সন্দৰ্ভত কয় যে প্ৰশাসন আৰু আৰক্ষী বিভাগৰ সহযোগিতাৰ দ্বাৰা বন্যভূমি অবৈধ বেদখলমুক্ত কৰিবলৈ তেওঁ দৃঢ় প্ৰতিজ্ঞ। “বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জৈৱসংৰক্ষিত অঞ্চল আৰু অন্যান্য সংৰক্ষিত অঞ্চলত এইধৰণৰ কাৰ্য-কলাপৰ প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰা হ’ব।“ নিয়ম ভংগকাৰীৰ বিৰূদ্ধে আইন অনুযায়ী কঠোৰ পদক্ষেপ লোৱাৰ কথাও মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অৱগত কৰে।

বিভাগে গৌণ খনিজ আহৰণ অঞ্চলসমূহৰ বালি আৰু শিলৰ মহলসমূহৰ পৰা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ বাবে ৪৯ টা মহল কাৰ্যক্ষম কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে। মুঠ ৪১৮ টা মহলৰ ভিতৰত ২৯৭ টা উজনি আৰু নামনি অসম মণ্ডলৰ অন্তৰ্গত আৰু ১২১ টা ষষ্ঠ অনুসূচীৰ অন্তৰ্গত। ইয়াৰ ভিতৰত উজনি আৰু নামনি অসমত ১২৬ টা মহল কাৰ্যকৰী অৱস্থাত আছে আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত ৮১ টা মহল বৰ্তমান চলিত অৱস্থাত আছে। ৫৭ টা মহলৰ বাবে ইতিমধ্যেই নিবিদা প্ৰকাশ কৰা হৈছে, ৫৫ টা নিবিদা অনুযায়ী মীমাংসা কৰা হৈছে আৰু ৫০ টা মহল মোকৰ্দমাৰ অধীনত আছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। ২০২০-২১ চনত বিভাগে ৩০২.৩৮ কোটি টকা আৰু ২০.০২ কোটি টকা ২০২১-২২ ৰ জুন মাহ পৰ্যন্ত ৰাজহ হিচাপে সংগ্ৰহ কৰিছে।

আৰু পঢ়কঃ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে আপুনিও পৰামৰ্শ দিব পাৰে ৰাজ্য চৰকাৰক

ৰাজ্যৰ সেউজ আৱৰণ বঢ়োৱাৰ উদ্দেশ্যে বিশাল হাৰত বনানীকৰণ অভিযান হাতত লোৱা হৈছে। এইক্ষেত্ৰত ছছিয়েল ফৰেষ্ট্ৰী ৱিঙৰ দ্বাৰা এখন কৰ্মপৰিকল্পনা প্ৰস্তুত কৰা হৈছে। বঙাইগাওঁ, বৰপেটা আৰু নলবাৰী জিলাত ৰাজপথ (হাইৱে) সমূহৰ মাজৰ ডিভাইদাৰ আৰু দাঁতিত এন এইছ এ আইৰ অনুদানত বৃক্ষৰোপণ, পাঞ্জাবাৰীৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ পৰ্যন্ত পথৰ ডিভাইদাৰ আৰু দাঁতিত বৃক্ষৰোপণৰ দ্বাৰা সেউজ গুৱাহাটী নিৰ্মাণ, বনাঞ্চল উন্নয়ন সংস্থাসমূহত ২২০ হেক্টৰ ভূমিত ৰাষ্ট্ৰীয় বনানীকৰণ আঁচনিৰ অধীনত বৃক্ষৰোপণ, কেম্পাৰ অধীনৰ সকলো সংমণ্ডলত ৭২০ হেক্টৰ ভূমিত বনানীকৰণৰ ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply