মৰিগাঁওঃ মৰিগাঁৱৰ জাগীৰোড পথৰ বঘৰা ঘুলিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
জাগীৰোডৰ পৰা মৰিগাঁও দিশলৈ আহি থকা তীব্ৰ বেগী এম এল ০৮চি ৮১৮৮ নম্বৰৰ হোণ্ডাই আই-২০ বাহনখনে বঘৰাৰ ঘুলিগাঁৱৰ ৰিদিপ বৰদলৈ নামৰ এজন ব্যক্তিৰ ঘৰৰ সন্মুখত থকা লোৰ গেটত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱকৰ আৰু আন এজন মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হয়।
লগতে অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে গাড়ীখনৰ আন দুজন যাত্ৰী।
জন্মদিনৰ পাৰ্টি শেষ কৰি ঘৰলৈ উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।
লগতে পঢ়কঃবি বৰুৱা মহাবিদ্যালয়ৰ ৬গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিড-১৯