নিউজ ডেস্ক– নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মৰিগাঁৱত মাৰণাস্ত্ৰ উদ্ধাৰ । এক গোপন সুত্ৰৰ পম খেদি বুধবাৰে মৰিগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত উদ্ধাৰ দুটা পিষ্টল, ১৩ জাই সজীৱ গুলীসহ দুটা মেগজিন ৷ নাগালেণ্ডৰ পৰা মৈৰাবাৰীলৈ অহা AS – 02 – AC 8750 নম্বৰৰ ‘নমন’ নামৰ বাছখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এই মাৰণাস্ত্ৰখিনি।
আৰক্ষীয়ে লগতে আটক কৰে মাৰনাস্ত্ৰ সৰবৰাহৰ লগত জড়িত আচাদুল ইছলাম , চাইদুল ইছলাম বাছখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনসহ চাৰিজন লোকক ৷
আৰক্ষীয়ে অভিযুক্ত কেইটাৰ পৰা মোবাইল ফোনো জব্দ কৰে। অধিক তথ্যৰ বাবে বৰ্তমান আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ৷