মৰিগাঁওঃ মৰিগাঁৱত নকল টকা সহ দুই যুৱক-যুৱতী আটক।

মৰিগাঁও চহৰৰ সমীপৱৰ্তী বৰঙ্গাবাৰীৰ সুদৰ্শন বাৰৰ পৰা আটক দুই যুৱক যুৱতীক।

আটকাধীন যুৱক-যুৱতীদ্বয় জাগীৰোড শিলভঙাৰ মজিফা বেগম আৰু হোজাইৰ জইনাল উদ্দীন বুলি জানিব পৰা গৈছে।

দুয়ো যুৱক-যুৱতীয়ে ব্যৱহাৰ কৰা এ এছ ০১ জে চি ০৫৩৬ নম্বৰৰ এখন মাৰুতি চুইফট ডিজায়াৰ গাড়ী জব্দ কৰে আৰক্ষীয়ে।

লগতে পঢ়কঃপথ-দুৰ্ঘটনাকলৈ মৰিয়নিত উত্তেজনা; একেটা পৰিয়ালৰ ৩জন নিহত

দুয়োৰে পৰা আৰক্ষীয়ে আনুমানিক প্ৰায় ১ লাখ ৫০ হাজাৰ নকল টকা জব্দ কৰে।

বৰ্তমান আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply