মৰিগাঁও – তুংগত উঠিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত প্ৰতিটো ৰাজনৈতিক দলে তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে ভোট ভিক্ষা কৰি কাষ চাপিছে ভোটাৰ ৰাইজৰ। ইয়াৰ মাজতে এটা দলৰ প্ৰাৰ্থীয়ে আনটো দলৰ প্ৰাৰ্থীক আক্ৰমণ অব্যাহত ৰাখিছে।
বর্তমানলৈকে সকলো শান্তিপূৰ্ণভাৱে চলি আছে যদিও মৰিগাঁও জিলাত অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। সোমবাৰে নিশাৰ ভাগত ৮০ নং মৰিগাঁও বিধানসভা সমষ্টিৰ গছৰগুড়িত অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত দুৰ্বৃত্তই আক্ৰমণ চলাই কার্যলায় লণ্ডভণ্ড কৰে। মৰিগাঁও সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বাণী কান্ত দাসৰ গছৰগুড়িস্থিত এটা কাৰ্যালয়ত দুৰ্বৃত্তই কার্যলায়ত থকা বেনাৰ-পোষ্টাৰ সমূহ ফালি কাৰ্যালয় লণ্ডভণ্ড কৰে।
উল্লেখ্য যে মৰিগাঁৱত অহা ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মৰিগাঁৱত প্ৰাৰ্থীত্ব লাভ কৰা প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে ব্যাপক প্ৰচাৰ অভিযান গঢ়ি তোলা পৰিলক্ষিত হৈছে। সমষ্টিটোত এইবাৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বাণী কান্ত দাস আৰু শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ মাজতে মূল যুঁজখন হ’ব বুলি আশংকা কৰা হৈছে।