মৰিগাওঁঃ ৰাজ্যত জটিল ৰূপত ক’ভিড পৰিস্থিতি। দিনে দিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্য়া।
মৰিগাঁৱত প্ৰথম গৰাকী কৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।
কোভিড আক্ৰান্ত হৈ মৰিগাঁও মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক বুদ্ধেশ্বৰ কলিতাৰ মৃত্যু।
শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে অধ্যাপক জনে ।
১এপ্ৰিলত শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাইছিল।
চিকিৎসকে নিমুনিয়া ৰোগত আক্ৰান্ত বুলি কোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিত্সালয়লৈ স্থানান্তৰ কৰে।
গুৱাহাটিত কোভিড টেষ্ট কৰাত কৰোনাত আক্ৰান্ত হোৱাত গুৱাহাটী কালপাহাৰ কোভিড চেণ্টাৰত হস্পিতালত ভৰ্তি কৰায়।
শেহতীয়াকৈ কৰোনা মুক্ত হোৱাত তেওঁক ঘৰলৈ আনে যদিও শ্বাস প্ৰশ্বাসত অসুবিধা পোৱাত পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই যদিও আজি শেষ নিশ্বাস ত্যাগ কৰে অধ্যাপক জনে ।