প্ৰতিনিধিত্বমূলক ফটো

মৰিগাঁওঃ মৰিগাঁৱৰ চুলতান হস্পিতালৰ সমীপত মহিলাৰ মৃতদেহ উদ্ধাৰ।

পথৰ কাষত থকা এটা পুখুৰীত উলংগ অৱস্থাত উদ্ধাৰ মৃতদেহটো।

মৃত মহিলা গৰাকীৰ নাম মনোহৰী হীৰা (৭০) বুলি জানিব পৰা গৈছে।

পুৱা প্ৰাতঃভ্ৰমণ কৰিব অহা লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

লগতে পঢ়কঃডেৰ দশকৰ পাছতো কৰায়ত্ত নহ’ল ডিম্বেশ্বৰ গগৈৰ হত্যাকাৰী

কেনেদৰে মহিলাগৰাকীৰ মৃত্য়ু হয় এই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই।

পৰিয়ালৰ লোকৰ মতে, বুধবাৰে সন্ধিয়া ঘৰৰ পৰা সন্ধানহীন হৈছিল মহিলা গৰাকী।

মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,753 other subscribers

Leave a comment

Leave a Reply