মৰিগাঁও : মৰিগাঁৱত কভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। জিলাখনত কভিডৰ ব্যাপক সংক্ৰমণ ঘটিছে। কভিড আক্রান্ত এজন লোক চিকিৎসাধীন হৈ আছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত। হোম কোৱাৰেণ্টাইনত আছে বহু লোক।
কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ভয়ংকৰ ৰূপ ধৰণৰ কৰিছে দেশত। দেশৰ কেইবাখনো ৰাজ্যত প্ৰতিদিনে হাজাৰ হাজাৰ লোক কভিডত আক্ৰান্ত হৈছে। এদিনতে দেশত আক্রান্তৰ সংখ্যা লাখৰ ঘৰ স্পৰ্শ কৰিছে। মৃত্যুৰ মুখত পৰিছে বহু কভিড ৰোগী।
আৰু পঢ়কঃ কৰোনাৰ তীব্ৰ সংক্ৰমণ! বৰপেটাত এজনৰ মৃত্যু
বিশেষকৈ দেশৰ ৰাজধানী দিল্লী আৰু বাণিজ্যিক ৰাজধানী মুম্বাইৰ পৰিস্থিতি অধিক জটিল হৈ পৰা দেখিবলৈ পোৱা গৈছে। অসমৰ পৰিস্থিতি বৰ্তমানলৈকে নিয়ন্ত্ৰণত আছে যদিও প্ৰতিদিনে অসমত নতুন নতুন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে।
কামৰূপ মহানগৰ জিলাত সৰ্বাধিক কভিড আক্ৰান্ত লোকৰ সংখ্যা আছে যদিও অন্যান্য জিলা সমূহতো ব্যাপক হাৰত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মৰিগাঁও জিলাতো কভিড মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ দিশে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে।
মৰিগাঁৱত বৰ্তমানলৈকে ১৫ জনকৈ লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে। জিলাখনৰ এই ১৫ জন কভিড ৰোগীৰ ভিতৰত এজন ৰোগীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা অব্যাহত ৰখা হৈছে।
আনহাতে মৰিগাঁৱৰ অন্য ১৪ জন কভিড আক্রান্ত লোকক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে। জিলাখনত কভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলা প্ৰশাসন তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে ৰাইজক মাস্ক পৰিধান কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে।