গুৱাহাটীঃ বৃহস্পতিবাৰে প্ৰশাসনে উচ্ছেদ কৰে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছা । এই মাদ্ৰাছাখনৰ গৰাকী জেহাদীৰ লগত জড়িত মুফতি মুস্তাফাৰ আহমেদ। বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন আনছাৰ আল-ইছলামৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত চলিত বৰ্ষৰ ২৮ জুলাইত মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মৰিগাঁও জিলাৰ চহৰীয়া গাঁৱৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মুস্তাফাৰ আহমেদক। ইছলামী মৌলবাদীজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে অসম আৰক্ষীয়ে মোহৰ মাৰিছিল মাদ্ৰাছাখনত। ২০১৮চনত মাদ্ৰাছাখন মুকলি কৰিছিল মুস্তাফাই।

মুফতি মুস্তাফাৰ আহমেদ সন্ত্ৰাসবাদী সংগঠনটোৰ বিভিন্ন বিত্তীয় লেনদেন আৰু দেশবিৰোধী কাৰ্যকলাপত জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছে। আদালতত হাজিৰ কৰোৱাৰ পিছত তেওঁক ১২দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়।

মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা এনে সংবাদ মাধ্যমৰ আগত কয়, “জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এক নিৰ্দেশনা জাৰি কৰিছিল আৰু ইয়াৰ ওপৰত ভিত্তি কৰি মৰিগাঁৱৰ জিলা উপায়ুক্তই মাদ্ৰাছাসমূহ ভঙাৰ নিৰ্দেশ দিছিল।”

বৃহস্পতিবাৰে গুৱাহাটীৰ জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত মাদ্ৰাছাসমূহ ভাঙি পেলোৱা হৈছিল৷ মুফতি মুস্তাফাই ২০১৭ চনত ভূপালৰ পৰা ইছলামিক আইনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল৷ জমিউল হুদা মাদ্ৰাছাত অধ্যয়ন কৰি থকা ৪৩ জন শিক্ষাৰ্থীক এতিয়া বিভিন্ন বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।”

উল্লেখ্য যে, আনছাৰ আল-ইছলামৰ সৈতে জড়িত থকাৰ অভিযোগত মৰিগাঁও আৰু বৰপেটা জিলাৰ পৰা ২৮ জুলাইত অসম আৰক্ষীয়ে কমেও ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছিল।

২৭ জুলাইত অসম আৰক্ষীয়ে গোৱালপাৰা জিলাৰ পাখীউৰা গাঁৱৰ পৰা আব্বাছ আলী নামৰ এজন ২২ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে। আনছাৰ আল-ইছলামৰ এজন সদস্যক আশ্ৰয় দি থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্বাছ আলীক।

ইতিমধ্যে অসম আৰক্ষীয়ে আনছাৰ আল-ইছলামৰ লগত জড়িত থকাৰ অভিযোগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৩০ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply