মৰিগাঁও : ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। দুজন ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীয়ে গুলী চালনা কৰে। ড্ৰাগছ সৰবৰাহকাৰী দুজনে পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰে।

ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত প্ৰতিদিনে জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। জব্দও হৈ আছে বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ।

এইবাৰ মৰিগাঁও আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছে বৃহৎ সাফল্য। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই মৰিগাঁও আৰক্ষীয়ে ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক  :  বনভোজৰ পৰিৱৰ্তে নিম গছৰ পুলি ৰোপণেৰে চলিত বছৰক বিদায়

মৰিগাঁৱৰ মিকিৰভাটাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ যাওঁতে দুজন ড্ৰাগছ সৰবৰাহকাৰী পলায়নৰচেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ফিৰকুল ইছলাম আৰু জীয়াবুৰ হক নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply