মৰিয়নী: মৰিয়নী সমষ্টিৰ ৰাইজৰ যাতায়তৰ মূল পথ হিচাপে ব্যৱহৃত ঐতিহাসিক ধোদৰ আলিৰ পুনৰ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, মৰিয়নী সমষ্টিৰ উপ-নিৰ্বাচনৰ আগতে জৰাজীৰ্ণ ধোদৰ আলিৰ পুনৰ নিৰ্মান কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নী বাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
আনহাতে, পথতো মেৰামতি কৰাৰ নামত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। লোকনিৰ্মাণ বিভাগৰ নকচাৰী গ্ৰাম্য পথ সংমণ্ডলৰ তত্বাৱধানত চলি থকা ধোদৰ আলিৰ নিৰ্মান কাৰ্য অতি নিম্নমাণ্ডৰ কৰি থকাৰ প্ৰত্যক্ষ কৰি ক্ষুদ্ধ হৈ পৰে যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নী আঞ্চলিক সমিতি। পথটোৰ নিৰ্মাণত অনিয়ম সংঘটিত হৈ অহাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।
উল্লেখ্য যে, মাছখোৱাৰ পৰা চেলেংহাটৰ জাঁজী দলঙৰ সমীপলৈকে ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মান কৰা ক্ষেত্ৰত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰা বাবে নিৰ্মানৰ পাছতে ব্লেক টেপিং এৰাই যোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, মৰিয়নী সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰত বিধ্বস্ত ধোদৰ আলিৰ মাছখোৱাৰ পৰা জাঁজী দলঙলৈকে পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰিছিল ৰাজ্য চৰকাৰৰ জল সম্পদ, তথ্য আৰু জন সংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই।
ৰাজ্য চৰকাৰৰ এছ অ’ পি ডি (জি) আঁচনিৰ অধীনত এই পথচোৱাৰ পুনৰ নিৰ্মান হৈ আছে। ইফালে, ধোদৰ আলিৰ নিৰ্মাণৰ নামত হোৱা ব্যাপক দুৰ্নীতিৰ তদন্ত বিচাৰি আজি যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নী আঞ্চলিক সমিতিয়ে যোৰহাটৰ উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
এক বিবৃতিত যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নী আঞ্চলিকৰ সভাপতি প্ৰিয়াংশু বৰুৱা আৰু সম্পাদক ৰঞ্জিত গগৈয়ে ধোদৰ আলি নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ তদন্ত নকৰিলে অতি শীঘ্ৰে ৰাইজৰ সহযোগত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে।