এগৰাকী ম’ষ্ট ৱাণ্টেড বিজেপি নেতাক বিচাৰি আৰক্ষীয়ে যোৱা সময়চোৱাত চলাইছিল তীব্ৰতৰ অভিযান। অৱশেষত আৰক্ষীৰ জালত পৰে কোটি কোটি টকা আত্মসাৎ কৰি পলাই থকা বিজেপি নেতাজন।
কালিৰ দিনটোত বিজেপি নেতা জনক বিচাৰি গুৱাহাটীত পশ্চিমবংগ আৰক্ষীয়ে অভিযান চলাইছিল। কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ আছে বিজেপি নেতা জনৰ বিৰুদ্ধে।
অৱশেষত গুৱাহাটী মহানগৰীৰ পৰাই গ্ৰেপ্তাৰ কৰিবলে সক্ষম হ’ল বিজেপি নেতাগৰাকী। নাম ভাস্কৰ চক্ৰৱৰ্তী।
ভগদত্তপূৰ আৰক্ষীৰ সহযোগত পশ্চিমবংগ আৰক্ষীৰ অভিযান গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাত । পশ্চিমবংগ আৰক্ষীৰ ম’ষ্ট ৱান্টেডৰ তালিকাত আছিল বিজেপিৰ নেতা ভাস্কৰ চক্ৰৱৰ্তীৰ নাম।
গ্ৰেপ্তাৰৰ পিছতে হঠাৎ অসুস্থ হৈ পৰে প্ৰৱঞ্চক ভাস্কৰ চক্ৰৱৰ্তী। বৰ্তমান হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰৱঞ্চক ভাস্কৰ । প্ৰৱঞ্চনাৰে কলকাতাত কোটি কোটি টকা লুটি পলাই থকা ভাস্কৰ বৰ্তমান পশ্চিমবংগ আৰক্ষীৰ জিম্মাত আছে কুখ্যাত প্ৰৱঞ্চকটো।