ধিং : পুনৰ অসম আৰক্ষী বাধ্য হ’ল অপৰাধীক উদ্দেশ্যি গুলী চালনা কৰিবলৈ। নগাঁও জিলাৰ ধিংত আৰক্ষীয়ে অপৰাধীক উদ্দেশ্যি গুলী চালনা কৰিবলৈ বাধ্য হ’ল। আৰক্ষীৰ গুলীত নিহত হ’ল কুখ্যাত মাফিয়া জয়নাল আবেদিন।

নগাঁও জিলাৰ ধিংৰ বৰভেটিত পুৱতি নিশা আৰক্ষীৰ গুলীত নিহত হয় জয়নাল আবেদিন নামৰ এজন কুখ্যাত মাফিয়া। শেহতীয়াকৈ নগাঁও জিলাত সংঘটিত হোৱা এক ডকাইতিকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে জয়নাল আবেদিনক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে জয়নাল আবেদিন পলায়ন কৰিবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়।

আৰক্ষীৰ গুলীত ঘটনাস্থলীতে নিহত হয় কুখ্যাত মাফিয়া জয়নাল আবেদিন। আৰক্ষীৰ গুলীত নিহত হোৱা কুখ্যাত মাফিয়া জয়নাল আবেদিনৰ কবলৰ পৰা আৰক্ষীয়ে এটা পিষ্টল উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। জয়নাল আবেদিন কেইবাটাও কুখ্যাত অপৰাধৰ লগত জড়িত আছিল।

লগতে পঢ়ক : বাক্সা জিলাৰ তামুলপুৰৰ কাউলীত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ

ধিং আৰক্ষীক আক্ৰমণ কৰাৰ গোচৰত অভিযুক্ত আছিল জয়নাল আবেদি। জয়নাল আবেদিনে এগৰাকী আৰক্ষী বিষয়াৰ ওপৰত দাৰে আক্ৰমণ চলাই আৰক্ষী বিষয়াজনক হত্যাৰ চেষ্টা চলাইছিল। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত জয়নাল আবেদিনে ডকাইতিকাণ্ড সংঘটিত কৰি জিলাখনত সন্ত্ৰাস চলাই আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply