নগাঁও : আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা হাফিজ উদ্দিন পৰিল জালত। দীর্ঘদিন ধৰি হাফিজ উদ্দিনক জালত পেলাবলৈ আৰক্ষীয়ে চেষ্টা চলাই আছিল। অৱশেষত আৰক্ষী সফল হয় হাফিজ উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ।
নগাঁও আৰক্ষীৰ মষ্ট ৱাণ্টেড অপৰাধীৰ তালিকাত নাম থকা হাফিজ উদ্দিনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ বটদ্ৰৱা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত সোমবাৰে নিশা অভিযান চলাই হাফিজ উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
নগাঁও আৰক্ষীয়ে হাফিজ উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ পূৰ্বে বহু বাৰ চেষ্টা চলাইছে যদিও হাফিজ উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। সোমবাৰে নিশাৰ ভাগত হাফিজ উদ্দিনৰ লগতে হাফিজ উদ্দিনৰ এজন সহযোগী নাচিৰ উদ্দিনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
হাফিজ উদ্দিন দীর্ঘদিন ধৰি নগাঁও জিলাত বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ চলাই আহিছিল। ড্ৰাগছ সৰবৰাহ, নাৰী সৰবৰাহৰ লগতে তীৰ খেলৰ অবৈধ বেহাৰ লগতো জড়িত আছিল হাফিজ উদ্দিন। নাৰী সৰবৰাহ আৰু ড্ৰাগছৰ সৰবৰাহৰ অপৰাধত পূৰ্বেও হাফিজ উদ্দিন জে’ললৈ গৈছিল।