নগাঁও : নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য। চাৰি বছৰ পূৰ্বে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ ঘৰত গ্ৰেনেড আক্ৰমণৰ অভিযুক্ত ইজ্জত আলী অৱশেষত জালত পেলালে নগাঁও আৰক্ষীয়ে। দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে এক অভিযান চলাই ইজ্জত আলীক জালত পেলাবলৈ সক্ষম হয়।
দেওবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নগাঁও আৰক্ষীয়ে দুধর্ষ অপৰাধী ইজ্জত আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জুৰীয়াৰ সুতিৰপাৰত অভিযান চলাই ইজ্জত আলীক গ্ৰেপ্তাৰ কৰে।
দুধর্ষ অপৰাধী ইজ্জত আলী বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত। চুৰি, ডকাইতি, হত্যাৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ ঘৰত গ্ৰেনেড আক্ৰমণৰ অভিযুক্ত ইজ্জত আলী। অভিযানত আৰক্ষীয়ে ইজ্জত আলীৰ লগতে অন্য এজন ডকাইতকো গ্ৰেপ্তাৰ কৰে।
ইজ্জত আলীৰ লগতে আৰক্ষীৰ জালত পৰা অন্যজন ডকাইতৰ নাম ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে। ইজ্জত আলীৰ বিৰুদ্ধে নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাত কেইবাটাও গোচৰ ৰুজু হৈ আছে। ইজ্জত আলীৰ কবলৰ পৰা আৰক্ষীয়ে ৭.৭৫ এম এমৰ পিষ্টল এটাও জব্দ কৰিছে।
লগতে পঢ়ক : চতিয়াৰ ইটাখোলাৰ চেঙামাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
ইজ্জত আলী গাড়ী চুৰিৰ ঘটনা লগতে বহু গাড়ী চালকৰ হত্যাৰ লগতো জড়িত। নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল ইজ্জত আলী।