আমিনগাঁও : পুনৰ আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা অপৰাধীৰ। পুনৰ আৰক্ষীৰ গুলী চালনা। এইবাৰ কামৰূপ আৰক্ষীৰ গুলীত আহত কুখ্যাত অপৰাধী নেকিবৰ। নেকিবৰৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ।

কামৰূপ আৰক্ষীৰ গুলীত গুলীবিদ্ধ নেকিবৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰুজু হৈ আছে একাধিক গোচৰ। মটৰ চাইকেল চুৰিৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি, গৰু চুৰি, গাড়ী চুৰিৰ সৈতে জড়িত নেকিবৰ অসম আৰক্ষীৰ মূৰৰ কামোৰণী হৈ আছিল।

দুধনৈ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/৪১৩/৪৬৮/৪৭৬/৩৭৯/৪১১ ধাৰাত ৬৫.২০২১ নম্বৰতো নেকিবৰৰ বিৰুদ্ধে ৰুজু আছিল গোচৰ। কামৰূপ আৰক্ষীয়ে নেকিবৰক আটক কৰি পলাশবাৰীৰ দখলাত নেকিবৰক লগতলৈ অভিযান চলাই থকাৰ সময়তে আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে নেকিবৰক লক্ষ্য কৰি গুলী চালনা কৰে।

লগতে পঢ়ক : স্বাস্থ্যৰ যতন : কিয় আৰু কোনবিলাক শৰীৰচৰ্চা শিশুৰ বাবে উপযোগী?

নেকিবৰৰ পৰা কেইবাখনো চুৰিৰ মটৰ চাইকেলসহ ৯ টাকৈ চুৰিৰ গৰু জব্দ কৰে কামৰূপ আৰক্ষীয়ে। নেকিবৰৰ এনকাউন্টাৰ সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়য়ে সংবাদ মেল অনুষ্ঠিত কৰি কয় নেকিবৰ অসম আৰক্ষীৰ ম’ষ্ট ৱান্টেড আছিল। গুলীবিদ্ধ নেকিবৰ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎস্যাধীন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply