যোৰহাট আৰক্ষীৰ জালত ম'ষ্ট ৱান্টেড কুখ্যাত অপৰাধী বুবু কোঁৱৰ

যোৰহাট: কুখ্যাত অপৰাধী বুবু কোঁৱৰক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যোৱা নিশা | বহু দিনৰ পৰাই বিভিন্ন গোচৰ বাবেই বিচাৰি আছিল বুবু কোঁৱৰক |


যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰৰ পৰা আটক কুখ্যাত অপৰাধী বুবু কোঁৱৰক | আৰক্ষীয়ে ৩৫ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ, ৬২ টা ড্ৰাগচ সৰবৰাহত ব্যবহৃত প্লাষ্টিক সৰু টেমা, ৬,৮০০ টকা নগদ ধন, দুখন এটিএম কাৰ্ড, তিনিটা ম’বাইল হেন্ডচেট, এটা হেন্ডবেগ বুবু কোঁৱৰৰ সৈতে লাভ কৰিছে |


সন্দেহযুক্ত ব্ৰাউন চুগাৰ খিনিৰ মূল্য প্ৰায় ৭০,০০০ টকা | লগতে জব্দ কৰে নম্বৰ প্লেট বিহীন এখন বাইক |
পূর্বতে বহুকেইটা হত্যাকান্ড, ডকাইতি, অপহৰণ, গাড়ী চুৰি, আদি বিভিন্ন অভিযোগত গ্ৰেপ্তাৰ হৈছিল বুবু কোঁৱৰ | বুবু কোঁৱৰৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ ৰতনপুৰীয়া গাৱত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply