ৰূপহীহাট : অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিলে মষ্ট ওৱান্টেড অপৰাধী তাজনুৰ ইছলাম ওৰফে ৰাজা। জিলাখনত আৰক্ষীয়ে ড্ৰাগছৰ বেহাৰ লগতে বিভিন্ন অপৰাধৰ লগত জড়িত অপৰাধী সকলৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে। তাজনুৰ ইছলাম মৰিগাঁৱৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ ৰাজ আতিথ্য লাভ কৰাৰ অভিযোগ দীর্ঘদিনীয়া। বিভিন্ন অপৰাধজনীত কাৰ্যৰ লগত জড়িত আছিল তাজনুৰ ইছলাম।

একাংশ আৰক্ষীৰ ৰাজ আতিথ্যত লালিত পালিত হৈ অপৰাধ জগতৰ অন্যতম কুখ্যাত অপৰাধী ৰূপে পৰিচিত তাজনুৰ ইছলাম অৱশেষত দেওবাৰে নিশা আৰক্ষীৰ জালত পৰিল।কাতিমাৰীৰ পৰা নগাঁও আৰু জুৰীয়া আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় তাজনুৰ ইছলামক। মৰিগাঁও জিলাৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ ৰাজ আতিথ্য গ্ৰহণ কৰি সমগ্ৰ জিলাখনতেই সন্ত্ৰাসৰ সৃষ্টি কৰি ভয়-ভাবুকিৰে নিৰীহ লোকক অত্যাচাৰ কৰি আহিছিল এইজন তাজনুৰ ইছলাম।

আৰু পঢ়কঃ বিশ্ব পৰিৱেশ দিৱসৰ এদিন পিছতে দৰাবিলত জাকে জাকে বগলী নিধন

ধৃত অপৰাধীজনৰ বিৰুদ্ধে ভূমাফিয়াগিৰি আৰু ডকাইতিৰ আছে বহু অভিযোগ। অপৰাধ জগতৰ অন্যতম কুখ্যাতৰূপে পৰিচিত এই অপৰাধীজন মৰিগাঁও জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া এগৰাকীৰ ইমানেই বুকুৰ কুটুম আছিল যে জিলাখনৰ বিভিন্ন থানাৰ পৰা মাহিলী ধন ওঠোৱাৰ দায়িত্ব‌ও লাভ অপৰাধীজনে লাভ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। নামে বেনামে অগাধ সম্পত্তিৰ গৰাকী এই কুখ্যাত অপৰাধীজনৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত ২৫৬/২০ আৰু ৩১/২০ৰ দুটাকৈ গোচৰ ৰুজু হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply