নলবাৰী : আৰক্ষীৰ চাকৰি এৰি ডকাইতিত নমা আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ। নলবাৰীত আত্মসমৰ্পণ কৰিলে এসময়ৰ আৰক্ষী আৰু বৰ্তমানৰ কুখ্যাত ডকাইত আনোৱাৰ হুছেইন।

১০ বছৰ পূৰ্বৰ আৰক্ষী বিষয়া, বৰ্তমানৰ কুখ্যাত ডকাইত, অৱশেষত আত্মসমৰ্পণ কৰিলে
১০ বছৰ পূৰ্বৰ আৰক্ষী বিষয়া, বৰ্তমানৰ কুখ্যা ডকাইত। নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত কুখ্যাত ডকাইত আনোৱাৰ হুছেইনে আত্মসমৰ্পণ কৰিলে।

১০ বছৰ পুৰ্বে জালাহ আৰক্ষী চকীত আৰক্ষী বিভাগত চাকৰি কৰিছিল আনোৱাৰ হুছেইন। ১৯৯৬ চনত অসম আৰক্ষীত যোগদনা কৰিছিল আৰু তাৰ পিছত আৰক্ষীৰ চাকৰি বাদ দি চুৰি-ডকাইতি আদিৰ দৰে ঘটনাত জড়িত হৈ পৰিছিল আনোৱাৰ হুছেইন।

লগতে পঢ়ক  : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি বেদখল কৰি মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষই কৰিছে চাহ খেতি

নলবাৰী আৰক্ষীৰ মুৰৰ কামোৰণী হৈ পৰা আনোৱাৰ হুছেইনক বিগত আঠ বছৰে ম’ষ্ট ৱাণ্টেড অপৰাধী ঘোষণা কৰি আৰক্ষীয়ে বিচাৰি আছিল৷ অৱশেষত সোমবাৰে কুখ্যাত ডকাইত আনোৱাৰ হুছেইনে নিজেই নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত আত্মসমৰ্পণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply