নগাঁও : ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই থকাৰ সমান্তৰালে ডকাইতৰ বিৰুদ্ধেও কঠোৰ হৈ উঠা পৰিলক্ষিত হৈছে। নতুন চৰকাৰ গঠন হোৱাৰ পিছতে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱা পদক্ষেপৰ ৰাইজে শলাগ লৈছে।
ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই প্ৰতিদিনে আৰক্ষীয়ে এটাৰ পিছত আনটো সাফল্য লাভ কৰি থকাৰ মাজতে কেইবাজনো দুধর্ষ ডকাইতকো আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে। আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰি কেইবাজনো ডকাইত গুলীবিদ্ধও হৈছে।
নগাঁও আৰক্ষীও ড্ৰাগছ বিৰোধী অভিযানৰ সমান্তৰালে চলাই গৈছে ডকাইত বিৰোধী অভিযান। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নগাঁও আৰক্ষীয়ে এজন দুধর্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক : বৈদ্যুতিক তাঁৰত লাগি এছ ডি আৰ এফ জোৱান গুৰুতৰ ভাৱে আহত
নগাঁও-মৰিগাঁও পথৰ কাছমাৰীত অভিযান চলাই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিতাব আলী নামৰ দুধর্ষ ডকাইতজনক। পিষ্টলসহ জালত পৰা ডকাইত কিতাব আলী বহু হত্যা, ডকাইতিকাণ্ড আৰু বাইক চুৰিৰ লগত জড়িত।