বাক্সা : বাক্সা জিলাৰ মুছলপুৰত এজন দুধৰ্ষ ডকাইতৰ আত্মসমৰ্পন। মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰিপথাৰ নিবাসী হিৰকজ্যোতি ডেকা নামৰ দুধর্ষ ডকাইতজনে অৱশেষত আত্মসমৰ্পণ কৰিলে। ৭ জনীয়া ডকাইতৰ দল এটাৰ সদস্য আছিল হিৰকজ্যোতি ডেকা।
অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতে অপৰাধী সকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি মুছলপুৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত মাইক্ৰ’ফাইনেঞ্চৰ এজেণ্ট সকলক লক্ষ্য কৰি বিভিন্ন ডকাইতিকাণ্ডৰে ত্ৰাসৰ সৃষ্টি কৰা ডকাইতৰ দলৰ অন্যতম সদস্য বাধ্য হ’ল আত্মসমৰ্পণ কৰিবলৈ।
উল্লেখ্য যে ৭ জনীয়া ডকাইতৰ দলটোৰ ৬ জন সদস্যক পূৰ্বে বাক্সাৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও হিৰকজ্যোতি ডেকা দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল। অৱশেষত ৭ জনীয়া ডকাইতৰ দলটোৰ অন্তিমজন সদস্য হিৰকজ্যোতি ডেকাও আত্মসমৰ্পন কৰিবলৈ বাধ্য হয়।
লগতে পঢ়ক : জ্বৰ কাঁহ থকা ৰোগীক ঔষধ নিদিবলৈ চিকিৎসকক আহ্বান
বাক্সা আৰক্ষীয়ে মুছলপুৰ আৰক্ষী থানাত ৰুজু হৈ থকা ৬২/২০২১ নম্বৰ গোচৰৰ ভিত্তিত ডকাইত হিৰকজ্যোতি ডেকাক গ্ৰেপ্তাৰ কৰে। হিৰকজ্যোতি ডেকাৰ পৰা আৰক্ষীয়ে বিশেষ আপত্তিজনক কোনো বস্তু লাভ কৰা নাই। সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত ডকাইট হিৰকজ্যোতি ডেকাক আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।