বিশ্বনাথ : কুখ্যাত গঁড় চিকাৰী ৰচিদুল হক গ্ৰেপ্তাৰ। বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ হয় কুখ্যাত গঁড় চিকাৰী ৰচিদুল হক। কেইবাটাও গঁড় হত্যাৰ লগত জড়িত আছিল কুখ্যাত গঁড় চিকাৰী ৰচিদুল হক। দীর্ঘদিন ধৰি বহিঃৰাজ্যত আত্মগোপন কৰি আছিল গঁড় চিকাৰীজন।
বিশ্বনাথ জিলা বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই বুধবাৰে নিশা গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰচিদুল হক নামৰ এজন কুখ্যাত গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰে। বিশ্বনাথৰ ৪ নং ভোজমাৰীত বন বিভাগৰ দলটোৱে অভিযান চলাই ৰচিদুলক গ্ৰেপ্তাৰ কৰে।
বিশ্বনাথৰ ৪ নং ভোজমাৰিত বাসিন্দা ৰচিদুল হক গাঁওখনৰ বিলৰ কাষত এটা টঙি ঘৰ সাজি টঙি ঘৰত লুকুৱাই আছিল। উল্লেখ্য যে ৰচিদুল হক দীর্ঘদিন ধৰি কেৰেলাত আত্মগোপন কৰি আছিল। কেৰেলাৰ পৰা কিছুদিন পূৰ্বে ৰচিদুল হক উভতি আহি টঙি ঘৰ সাজি লুকাই আছিল।
লগতে পঢ়ক – মানকাচৰত প্ৰথম বাৰৰ বাবে গঠন হ’ল আক্ৰাছুৰ জিলা সমিতি
২০১৮ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ শীলডুবিৰ পানপুৰ শিবিৰত ৰচিদুল হকৰ নেতৃত্বতে এটা গঁড় হত্যা কৰা হৈছিল। গঁড় হত্যাৰ পিছতে পলায়ন কৰিছিল ৰচিদুল হক। বন বিভাগৰ মতে ৰচিদুল হক গঁড় হত্যাৰ পৰিকল্পনা কৰি পুনৰ উভতি আহিছে।