বিশ্বনাথ : আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা গঁড় চিকাৰী আচমত আলীৰ মৃত্যু। গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৰ মৃতদেহ উদ্ধাৰ৷ বিশ্বনাথ নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নদীত উদ্ধাৰ কৰে আচমত আলীৰ মৃতদেহ।
বিশ্বনাথ আৰক্ষীয়ে আচমত আলী নামৰ গঁড় চিকাৰীজনক কেৰেলাৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছিল। যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা আৰক্ষীয়ে গঁড় চিকাৰী আচমত আলীক লগতলৈ অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খড়্গ উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়ত আচমত আলী ব্ৰহ্মপুত্ৰ নদীত জাপ দি পলায়ন কৰিছিল।
ইয়াৰ পিছৰে পৰা আৰক্ষী আৰু এন ডি আৰ এফ বাহিনীয়ে গঁড় চিকাৰী আচমত আলীৰ সন্ধানত ব্ৰহ্মপুত্ৰ নদীত অভিযান চলাই আছিল। অৱশেষত এসপ্তাহ পিছত গঁড় চিকাৰী আচমত আলীৰ মৃতদেহ উদ্ধাৰ হয় ব্ৰহ্মপুত্ৰ নদীৰ বুকুত।
লগতে পঢ়ক : মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত ৫ হাজাৰ লিটাৰ চোৰাং ডিজেল-পেট্ৰল জব্দ
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহু কেইটাত গঁড় হত্যাৰ লগত জড়িত আছিল কুখ্যাত গঁড় চিকাৰী আচমত আলী। শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড় হত্যা কৰি কেৰেলা লৈ পলায়ন কৰিছিল আচমত আলী।