মানকাচৰ : মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰীপাৰাৰ পৰা আৰক্ষীয়ে দুজন গভাইত চোৰ আটক কৰিব লৈ সক্ষম হয়। জানিব পৰা মতে, যোৱা ১৪ ফেব্ৰুৱাৰীৰ নিশা কাকৰীপাৰা বজাৰত থকা ৰফিকুল ইছলামৰ “ৰুহি এন্টাৰপ্ৰাইজ” নামৰ হাৰ্ডৱেৰৰ দোকানগৃহৰ চালৰ টিনপাত কাটি দোকানত প্ৰবেশ কৰিছিল চোৰ দুজন। তৃতীয় চকুত চোৰ দুজনৰ ছবি ধৰা পৰাত অৱশেষত আৰক্ষীয়ে আটক কৰে চোৰ দুজনক।

চোৰ দুজনে দোকানখনৰ পৰা নগদ টকা ১৫ হেজাৰ টকা, চি চি টিভি কেমেৰা, এম আই কেমেৰাৰ লগতে প্ৰায় ডেৰ লক্ষাধিক টকাৰ বস্তু লুটি নিছিল। ঘটনা সৰ্ন্দভত দোকানখনৰ মালিক ৰফিকুল ইছলামে মানকাচৰ আৰক্ষী থানাত ৯০/২১ নম্বৰৰ গোচৰ ৰুজু কৰিছিল। মানকাচৰ আৰক্ষীক চি চি টিভি কেমেৰাৰ ফুটেজও প্ৰদান কৰা হৈছিল চোৰ দুজনক আৰক্ষীয়ে আটক পৰা নাছিল।

দেওবাৰে নিশা কাকৰীপাৰাৰ জামাল আলী নামৰ এজন তামোল ব্যৱসায়ীৰ গৃহৰ পৰা তামোল চুৰি কৰিব লৈ যোৱাত মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত বালুৰচৰ গাঁৱৰ ধলু মিয়াৰ পুত্ৰ শুনাহাৰ আলী আৰু একে গাঁৱৰে আয়নাল হকৰ পুত্ৰ ধলা মিয়াক ৰাইজে আটক কৰি আৰক্ষীৰ হাতত চমজাই দিয়ে।

শুনাহাৰ আলীয়ে ১৪ ফেব্ৰুৱাৰীৰ নিশা কাকৰীপাৰা বজাৰৰ ৰফিকুল ইছলামৰ হাৰ্ডৱেৰৰ দোকানত চুৰি কৰা কথা স্বীকাৰ কৰে। উক্ত চুৰি কাণ্ডত ধলা মিয়াও জড়িত আছিল বুলিও শুনাহাৰ আলীয়ে স্বীকাৰ কৰে। সম্প্ৰতি চোৰ দুজনক মানকাচৰ আৰক্ষীয়ে থানাত লৈ গৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply