ধেমাজী: ধেমাজী জিলাৰ অন্তৰ্গত কচুটলি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য দেৱীলাল শৰ্মাৰ বিৰুদ্ধে দুটা সন্তানৰ এগৰাকী মহিলাক অপহৰন কৰাৰ অভিযোগ তুলিছে মহিলা গৰাকীৰ স্বামীয়ে ।
ধেমাজিৰ মহৰিকেম্প মাজ গাঁওত সংঘটিত হৈছে এই ঘটনা ।
দুটা সন্তানৰ মাতৃ আশা দেৱীয়ে ঘৰত কোনো নথকা সুযোগত স্বামীযে ঘৰ সাজিবলৈ থোৱা সাঁচতীয়া ১ লাখ ৫৩ হাজাৰ টকাৰ লগতে সোণৰ অলংকাৰ বেংকৰ পাঁচবুক আদি বিভিন্ন কাগজ পত্ৰ লৈ উধাও হয়। মহিলা গৰাকীয়ে ৪ বছৰীয়া সৰু পুত্ৰকো লগত লৈ কচুটলি গাঁও পঞ্চায়ত আঞ্চলিক সদস্য লগত পলাই যায় বুলি জানিবলৈ দিয়ে ।
স্বামী ভৰত ছেত্ৰীৰ পত্নী আশা দেৱী ৬ নবেম্বৰতে নোহোৱা হোৱা ঘটনাটো ৭নবেম্বৰত আৰু ১১ নবেম্বৰত গোগামুখ আৰক্ষী থানাত ২বাৰকৈ এজাহাৰ দাখিল কৰে । দুয়োবাৰেই কচুটলি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য দেৱীলাল শৰ্মাই তেওৰ পত্নীক প্ৰেমৰ জাল পেলাই লৈ যোৱা বুলি উল্লেখ কৰাৰ পিছতো আজিলৈকে আৰক্ষীয়ে ব্যবস্থা নোলোৱা!ৰ অভিযোগ কৰে।
এজাহাৰ পোৱাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত গাঁওবাসীৰ লগতে ধেমাজি জিলাৰ গোর্খা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ জনাই দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি শাস্তি দিবলৈ দাবী জনাই।
লগতে পঢ়ক-সোণাৰিত আন্তঃৰাজ্যিক গৰু সৰবৰাহকাৰী আটক