বজালী : এক হৃদয় বিদাৰক ঘটনা। চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে মাতৃ আৰু পুত্ৰই। চিপ লৈ একেলগে আত্মহত্যা কৰিলে মাতৃ আৰু পুত্ৰই। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে বজালীত।

বজালীৰ শুকিলাৰপাৰ-কলবাৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। একেলগে মাতৃ আৰু পুত্ৰই আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শুকিলাৰপাৰ-কলবাৰীত।

একেলগে চিপ লৈ আত্মহত্যা কৰিলে এগৰাকী মাতৃ আৰু তিনি বছৰীয়া পুত্ৰই। ঘৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মাতৃ আৰু পুত্ৰৰ মৃতদেহ। আত্মহত্যা কৰা মহিলা গৰাকী মৃদুল বৈশ্য নামৰ এজন লোকৰ পত্নী শিখা বৈশ্য বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক  :  জামুগুৰিহাটৰ যুৱ সাংবাদিক চন্দন শৰ্মাক ২০২১ বৰ্ষৰ সংবাদ সেৱা বঁটা প্ৰদান

আত্মহত্যাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকে পাৰিবাৰিক আৰু আৰ্থিক সমস্যাৰ বাবেই মাতৃ আৰু পুত্ৰই এই চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply