লখিমপুৰত লোমহৰ্ষক হত্যাকাণ্ড। এইবাৰ মাতৃৰ হাতত প্ৰাণ গল পুত্ৰ।
লখিমপুৰ জিলাৰ বিহপুৰীয়াত সংঘটিত হ’ল এই লোমহৰ্ষক হত্যাকাণ্ড।
লখিমপুৰ জিলাৰ বিহপুৰীয়াত মাতৃৰ হাতুৰীৰ কোবত প্ৰাণ গ’ল পুত্ৰৰ ।
ঘটনাৰ বিবৰনি মতে যোৱা সময়চোৱাত পুত্ৰ চহৰ আলীয়ে মাক আৰু পত্নী বিভিন্ন কাৰনৰ শাৰিৰীক ভাবে আক্ৰমন চলাই আছিল।
নিশা হ’লেই পৰিয়ালৰ লোকৰ বাবেই আতংক হৈ পৰিছিল চহৰ আলি। ইয়াৰ বাবে বোৱাৰীয়েকে ঘৰ এৰি গৈছিল। শেহতীয়াকৈ পুত্ৰ চহৰ আলিয়ে মাকক মাৰিবলৈ খেদি যোৱাৰ সময়তে মাতৃ চমত্ত বানুৱে হাটুৰিৰে মৰিয়াই হত্যা কৰে বুলি স্বীকাৰ কৰে পুত্ৰ চহৰ আলীক। ঘটনাস্থলীত বিহপুৰীয়া আৰক্ষী উপস্থিত হৈ পুত্ৰ হত্যাকাৰী মাতৃক আটক কৰে।