‘মাডাৰ্ছ অ’ল্ড এজ হােম'

নিউজ ডেস্কঃ জীৱনত লাঞ্ছিত অথবা গৃহহীন বৃদ্ধ নাৰী-পুৰুষৰ শেষ আশ্ৰয়স্থল বৃদ্ধাশ্ৰম।

এতিয়া এনে এখন আশ্ৰয়স্থলৰ বিবাদেই ঠিকনাহীন কৰিলে ককা- আইতাসকলক।

গুৱাহাটী  হাতীগাওঁস্থিত মাদাৰ অল্ড এজ হোম স্থাপনৰ ৯বছৰ হ’ল। এতিয়া স্থাপনৰ বৰ্ষপূৰ্তিৰ দিনাই থানবান হ’ল বৃদ্ধাশ্ৰমখন।

আৰু পঢ়কঃগুৱাহাটীৰ এক্সেল কেয়াৰত ব্লেক ফাংগাছৰ সফল চিকিৎসা সম্পন্ন

শোকত ভাগি পৰিছে ককা-আইতাসকল। এইখন বৃদ্ধাশ্ৰমত আগৰ দৰে হাঁহি-স্ফূৰ্ত্তিত থাকিব নোৱাৰে ককা-আইতাসকল। কাৰণ প্ৰতিষ্ঠানখনৰ সম্পাদক মণিকা শৰ্মা আৰু সভাপতি উৎপল হৰ্ষবৰ্ধন সংঘাতৰ বাবে ৯ বছৰৰ পাছত ভাঙি থান-বান সপোনৰ “বৃদ্ধাবাস”।

ইজনে-সিজনৰ ওপৰত বিভিন্ন দোষাৰোপ কৰি বিভিন্ন অভিযোগ দাঙি ধৰিছিল। উৎপল-মণিকাৰ বিবাদত অনিশ্চয়তাত ভুগিছিল ককা-আইতাসকল৷ 

এতিয়া ক্ষুব্ধ ককা-আইতাই চকুলো টুকি ”মাডাৰ অল্ড এজ হোম” এৰি উৎপল হৰ্ষবৰ্ধনৰ সৈতে গুচি গ’ল অজন্তা পথৰ নতুন ঠিকনালৈ।

আইতাসকলৰ এতিয়া নতুন ঠিকনা প্ৰমোদ তালুকদাৰৰ স্মাৰক ন্যাস ৷ বেলতলা ছাৰ্ভেৰ অজন্তা পথত আছে স্মাৰক ন্যাস স্মাৰক ন্যাসত ৰখা হ’ব আইতাসকলক ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply