তেজপুৰঃ লকডাউনৰ সময়ত ছাগলী মাংস ব্যৱসায়ৰ নামত চলিছে কি? খাচী মাংস যদি আপুনি খাইছে তেন্তে আপুনি প্ৰকৃততে কি মাংস খালে?
ছাগলী মাংস কিনাৰ আগতে সাৱধান হওক। কাৰণ খাচী বা পাঠা মাংসৰ নামত আপোনাক বিক্ৰি কৰিব পাৰে বেমাৰী তথা বয়সীয়াল মাইকী ছাগলী।
আনকি সেনা বাহিনীৰ লোকৰ বাবেও প্ৰেৰণ কৰা হয় এনে ছাগলী । তেজপুৰত আৰক্ষী জালত পৰিছে এনে এটা ছাগলী ব্যৱসায় চক্ৰ।
লগতে পঢ়কঃচাৰিদুৱাৰৰ পৰা হায়দৰাবাদলৈ ৰপ্তানি অসমৰ থলুৱা ফলমূল
তেজপুৰ পৰোৱাৰ দিলৱাৰ হুচেইন নামৰ লোকজনে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা মাইকী আৰু বেমাৰী ছাগলী সংগ্ৰহ কৰি এনে এক ব্যৱসায় চলাই আছে।
দিলৱাৰ হুচেইনে ডিমাপুৰ এনে ছাগলী পঠিয়াবলৈ যোজা কৰোতেই তেজপুৰৰ জিলা প্ৰশাসনে নিয়োগ কৰা বিশেষ বাহিনীয়ে আটক কৰি কছাৰী গাওঁ আৰক্ষীক চমজাই দিয়ে লোকজনক।
বৰ্তমান কছাৰীগাওঁ আৰক্ষীয়ে গোচৰ ৰুজু কৰি এই সন্দৰ্ভত তদন্ত চলাইছে ।